বিজেপি সভাপতি লক্ষেশ্বৰ মৰাণক আক্ৰমণৰ মূল অভিযুক্ত আৰক্ষীৰ জালত
দৈনিক বাতৰি

বিজেপি সভাপতি লক্ষেশ্বৰ মৰাণক আক্ৰমণৰ মূল অভিযুক্ত আৰক্ষীৰ জালত

জি প্লাছ নিউজডেস্ক | February 05, 2019 12:05 hrs

৫ ফেব্ৰুৱাৰী, গুৱাহাটী - তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল তিনিচুকীয়া জিলাৰ বিজেপি সভাপতিক আক্ৰমণ কৰা মূল খলনায়ক। বৰপথাৰৰ পৰা আটক কৰা হৈছে যুৱকজনক। আৰক্ষীৰ জালত পৰা যুৱকজনৰ নাম ছাহিৰ হুছেইন বুলি জানিব পৰা গৈছে।

ছাহিৰৰ বিৰুদ্ধে লক্ষেশ্বৰ মৰাণক আক্ৰমণ কৰাৰ অভিযোগ। যুৱকজনে ডিঙিত ক’লা কাপোৰ বান্ধি লংকেশ্বৰ মৰাণক ভৰিৰে প্ৰহাৰ কৰাৰ অভিযোগ। ঘটনাৰ পিছতে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদ। গুৱাহাটী মহানগৰিটো প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপিয়ে।

ধৃত যুৱক জনে ডিঙিত ক’লা কাপোৰ বান্ধি লংকেশ্বৰ মৰাণক অতি গুৰুতৰভাৱে ভৰিৰে প্ৰহাৰ কৰিছিল।

Banner

ছাহিৰ হুছেইন