‘মঞ্চ সম্রাট’ সুৰেন মহন্তৰ দেহাৱসান

Wednesday, 01 April 2020

দৈনিক বাতৰি

‘মঞ্চ সম্রাট’ সুৰেন মহন্তৰ দেহাৱসান

জি প্লাছ নিউজডেস্ক | March 26, 2020 14:45 hrs

২৬ মাৰ্চ, গুৱাহাটী - অসমৰ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা তথা ‘মঞ্চ সম্রাট’ উপাধিৰে বিভূষিত তেজপুৰৰ গটঙা নিৱাসী সুৰেন মহন্ত আৰু নাই৷ কেবাদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা মহন্তক অতি সংকটজনক অৱস্থাত স্থানীয় টাইমছ হস্পিটেলত ভর্তি কৰোৱা হয় যদিও কালি নিশা প্রায় ৯-৩০ বিশিষ্ট অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে৷

টাইমছ হস্পিটেল কর্তৃপক্ষৰ তৰফৰ পৰা ডাঃ সত্যজিৎ বৰাই এই কথা ঘোষণা কৰে৷ উল্লেখযোগ্য যে অসমৰ মঞ্চ জগতৰ অপ্রতিদ্বন্দ্বী অভিনেতা হিচাপে পৰিগণিত তথা চলচিচত্র জগতৰো এগৰাকী দক্ষ অভিনেতা মহন্ত কালি সন্ধিয়া নিজ বাসগৃহত খাদ্যৰ বিষক্রিয়া হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল৷

অভিনেতাগৰাকীৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত কালি নিশা ১১ মান বজাত স্থানীয় টাইমছ হস্পিটেলত তেওঁক ভর্তি কৰোৱা হয়৷ বিশিষ্ট হূদৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত কুমাৰ দাসৰ লগতে হস্পিটেলখনৰ চিকিৎসকসকলে যুদ্ধকালীন তৎপৰতাৰে এই প্রসিদ্ধ অভিনেতাগৰাকীৰ জৰুৰীকালীন চিকিৎসা আৰম্ভ কৰে৷

উল্লেখ্য যে, বিষক্রিয়াৰ ফলত পূর্বৰে পৰা হূদৰোগত আক্রান্ত অভিনেতাগৰাকীৰ ৰক্তচাপৰ সঘনে তাৰতম্য ঘটাৰ লগতে অন্য শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে৷ যাৰ ফলত আই চি ইউত চিকিৎসাধীন অভিনেতাগৰাকীৰ ডায়েলেছিছ কৰি চিকিৎসা সেৱা অব্যাহত ৰাখে৷ ৭৩ বছৰীয়া এই বলিষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুত তেজপুৰৰ লগতে ৰাজ্যৰ সাংস্কৃতিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে৷

প্রয়াত মহন্তই পত্নী, চেন্নাইত কর্মৰত জ্যেষ্ঠ পুত্রৰ লগতে আন তিনিজন পুত্র, দুগৰাকী বোৱাৰী আৰু অসংখ্য গুণমুগ্ধক এৰি যায়৷ ১৯৪৯ চনৰ ৪ নৱেম্বৰত জন্মগ্রহণ কৰা মহন্তই অসমৰ বিভিন্ন মঞ্চ লগতে ভ্রাম্যমাণ থিয়েটাৰত অভিনয় কৰি এক বিশেষ মাত্রা প্রদান কৰিছিল৷ তদুপৰি তেওঁ ‘দূৰণিৰ ৰং’, ‘সোণমইনা’, ‘বংশধৰ’, ফেঁহুজালি, বহিুমান আদি চলচিচত্রতো সাৱলীল অভিনয় কৰি শ্রোতা দর্শকৰ মন জয় কৰিছিল৷