এনআৰচিত নাম নথকা ভোটাৰৰ কি হ’ব, স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ
দৈনিক বাতৰি

এনআৰচিত নাম নথকা ভোটাৰৰ কি হ’ব, স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

জি প্লাছ ব্যুৰ' | March 12, 2019 12:32 hrs

গুৱাহাটী, ১২ মাৰ্চঃ অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিত নাম অন্তৰ্ভূক্ত নোহোৱা অথচ ভোটাৰ তালিকাত নাম থকা ব্যক্তিসকলৰ ভোটাধিকাৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

মঙলবাৰে এই বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক ভোটাৰ তালিকাত জানুৱাৰী ২০১৭, ২০১৮ আৰু ২০১৯ৰ নতুন তালিকাত কি কি সংশোধন কৰা হ’ল তাৰ সবিশেষ তথ্য জমা দিবলৈকো নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ এ নাজিৰ আৰু সঞ্জীৱ খান্নাৰ খণ্ড বিচাৰপীঠখনে অহা ২৮ মাৰ্চৰ ভিতৰত আয়োগক সবিশেষ জনাবলৈ নিৰ্দেশ প্ৰদান কৰে।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ ছাহুৱে যোৱা ১১ মাৰ্চত ভোটাৰ তালিকাত নাম থকা প্ৰতিজন লোকে ভোটাধিকাৰ সাৱ্যস্ত কৰিব পাৰিব বুলি জনাইছিল।

অৱশ্যে নিৰ্বাচনী বিষয়াগৰাকীয়ে এনে মন্তব্য কৰিলেও এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নথকা ৪০ লাখ লোকক ভোট দিবলৈ দিয়া নহ’ব বুলি সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বিষয়টোক লৈ শংকিত হৈ পৰিছে অধিকাংশ লোক।

উল্লেখ্য যে অসমত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ তিনিটা পৰ্যায়ত অহা ১১, ১৮ আৰু ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব৷ ভোটগণনা আৰু ফলাফল ঘোষণা কৰা হ’ব অহা ২৩ মে’ত৷

Banner

প্ৰতিনিধিত্বমূলক ফটো