গুৱাহাটী কেন্দ্ৰীয় আৰক্ষী জিলাত বলৱৎ ধাৰা ১৪৪
দৈনিক বাতৰি

গুৱাহাটী কেন্দ্ৰীয় আৰক্ষী জিলাত বলৱৎ ধাৰা ১৪৪ - G Plus Assam

জি প্লাছ নিউজ | October 16, 2020 12:49 hrs

কেন্দ্ৰীয় আৰক্ষী জিলা, গুৱাহাটীৰ সমীপৱৰ্ত্তী অঞ্চলত জাৰি কৰা হৈছে ধাৰা ১৪৪ আৰু তাৰেই ভিত্তিত সেই অঞ্চলৰ অন্তৰ্গত, মালিকীস্বত্ব থকা ভূমি বা সম্পত্তিত যিকোনো লোককে স্থানীয় ভাৰপ্ৰাপ্ত অফিচাৰ-ইন-চাৰ্জৰ অনুমতি নোহোৱাকৈ ভাড়ালৈ দিয়াৰ পৰা বিৰত থকাৰ সকীয়নি।


এই নিৰ্দেশনা ১৫ অক্টোবৰৰ পৰা কাৰ্যকৰী হয় আৰু প্ৰত্যাহাৰ নকৰালৈকে ৬০ দিনৰ বাবে বলবৎ থাকিব।


উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি হোৱা এই নিৰ্দেশনাত আতংবাদী/ অসামাজিক উপাদান কিছুমানে এই আৰক্ষী জিলাখনৰ আৱাসিক অঞ্চলত গোপন স্থান বিচাৰি আছে আৰু ই সময়ত জনসাধাৰণৰ বাবে শান্তি ভংগৰ কাৰক তথা ঘাটক হোৱাৰ সম্ভাৱনা থকাৰও সন্দেহ প্ৰকাশ কৰিছে।


এই আদেশ ভংগ কৰা যিকোনো ব্যক্তি ভাৰতীয় আইনমতে ১৮৮ ধাৰাৰ অধীনত শাস্তিযোগ্য বুলি বিবেচিত হ’ব।