গুৱাহাটীত উত্খাত দেহ ব্যৱসায়ী চক্ৰ
দৈনিক বাতৰি

গুৱাহাটীত উত্খাত দেহ ব্যৱসায়ী চক্ৰ

জিপ্লাছ নিউজডেস্ক | February 21, 2019 11:07 hrs

গুৱাহাটী - পুনৰ গুৱাহাটীত উত্খাত হ'ল দেহ ব্যৱসায়ী চক্ৰ। এইবাৰ বশিষ্ঠ আৰক্ষীয়ে উত্খাত কৰিলে এই দেহ ব্যৱসায়ী চক্ৰ। কালি বেহাৰবাৰীৰ প্ৰাগজ্যোতিষ নগৰৰ এটা ভাড়াঘৰৰ পৰা এই দেহ ব্যৱসায়ী চক্ৰটো উত্খাত কৰে।

কালি চলোৱা এক অভিযানত দুগৰাকী মহিলাক আটক কৰা হৈছে। ইফালে আৰক্ষীয়ে ভালেমান আপত্তিজনক সামগ্ৰী এই অভিযানত জব্দ কৰা হৈছে। আটকাধীন মহিলা দুগৰাকীক জেৰা কৰি থকা হৈছে।

Banner

প্ৰতিনিধিত্বমূলক ছবি