লেহেংগা কিনিবলৈ যোৱা যুৱতীক নিৰ্যাতন 'মান্যবৰ'ৰ দৰ্জীৰ!
দৈনিক বাতৰি

লেহেংগা কিনিবলৈ যোৱা যুৱতীক নিৰ্যাতন 'মান্যবৰ'ৰ দৰ্জীৰ!

| March 18, 2019 16:24 hrs

গুৱাহাটীঃ পৰম্পৰাগত সাজপাৰৰ বাবে জনাজাত আগশাৰীৰ শ্ব’ৰূম 'মান্যবৰ মোহে’ৰ দৰ্জীৰ বিৰুদ্ধে উত্থাপিত হৈছে যুৱতীক নিৰ্যাতনৰ অভিযোগ। এহাল যুৱক-যুৱতীয়ে বিয়াৰ পোছাক কিনিবলৈ যোৱাৰ সময়তে বিপণীখনত সংঘটিত হয় এই অঘটন।

জানিব পৰা মতে, লেহেংগা ক্ৰয় কৰিবলৈ লোৱাৰ সময়তে তাত কৰ্মৰত এজন দৰ্জীয়ে জোখ-মাখ লোৱাৰ অচিলাৰে যুৱতীগৰাকীৰ শৰীৰ স্পৰ্শ কৰে। লগে লগে যুৱতীগৰাকীয়ে সংগী যুৱকজনৰ সৈতে দৰ্জীজনৰ তেনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

দুয়োৰে অভিযোগৰ ভিত্তিত মান্যবৰৰ কলকাতাস্থিত কাৰ্যালয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্তৰ আশ্বাস প্ৰদান কৰে। 'আমি ঘটনাতো গাপ দি থোৱাৰ পক্ষপাতী নহয়। আমি নিবিচাৰো যে এনে ঘটনা আন কাৰোৰে সৈতে ঘটক। আজি আমি গাপ দি ৰখা মানে এই ধৰণৰ নীচ মনোবৃত্তিৰ লোকসকলক উৎসাহিত কৰা হ’ব।’- জি প্লাছক এইদৰে কয় ভূক্তভোগী যুৱতীগৰাকী আৰু তেওঁৰ সংগী যুৱকজনে।

যদিহে কলকাতাস্থিত মান্যবৰৰ কাৰ্যালয়ৰ পৰা কোনো সদুত্তৰ লাভ নকৰে তেন্তে বিপণীখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাইছে যুৱতীগৰাকীয়ে। 'আমি অপেক্ষা কৰিছো। কিন্তু যদিহে আমি ন্যায় নাপাও তেন্তে আইনৰ সহায় ল’বলৈ বাধ্য হ’ম।’-যুৱতীগৰাকীৰ মন্তব্য। 

আনহাতে, অভিযোগ পোৱা মাত্ৰকে বিষয়টো গুৰুত্বসহকাৰে লোৱা বুলি দাবী কৰিছে মান্যবৰ মোহে কৰ্তৃপক্ষই। 'আমি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিম। যদিহে দৰ্জীজনে তেনে কু-কাৰ্য কৰিছে তেন্তে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম।’-এইদৰে কয় শ্ব’ৰূমটোৰ ষ্ট’ৰ মেনেজাৰ অমিতাভ হাজৰিকাই।

Banner