‘আৰু ছাগৈ বেছিদিন জীয়াই নাথাকিম’ - ছুপাৰ ৩০ৰ মুক্তিৰ প্ৰাকক্ষণত জনপ্ৰিয় শিক্ষক আনন্দ কুমাৰৰ অশ্ৰুসিক্ত ঘোষণা
দৈনিক বাতৰি

‘আৰু ছাগৈ বেছিদিন জীয়াই নাথাকিম’ - ছুপাৰ ৩০ৰ মুক্তিৰ প্ৰাকক্ষণত জনপ্ৰিয় শিক্ষক আনন্দ কুমাৰৰ অশ্ৰুসিক্ত ঘোষণা

জিপ্লাছ ব্যুৰ’ | July 12, 2019 13:34 hrs

১২ জুলাই, গুৱাহাটী - আজি সমগ্ৰ দেশতে মুক্তিলাভ কৰিছে ‘ছুপাৰ ৩০’ নামৰ বহু চৰ্চিত ছবিখনে। বহু দিনৰ মূৰত দৰ্শকৰ মাজলৈ উভতি আহিছে ঋতিক ৰোছন। বিহাৰৰ ছুপাৰ ৩০ নামৰ কোচিং চেণ্টাৰটোৰ গুৰি ধৰোতা আনন্দ কুমাৰৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনৰ মুক্তিৰ প্ৰাকক্ষণত জনপ্ৰিয় শিক্ষক আনন্দ কুমাৰে ঘোষণা কৰিছে এটা হৃদয় বিদাৰক খবৰ। ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈছে শিক্ষক আনন্দ কুমাৰ। 

উল্লেখ্য যে ঋতিক ৰোছন অভিনীত ছুপাৰ ৩০ নামৰ চিনেমাখন বিহাৰৰ ছুপাৰ ৩০ ৰ মূল খনিকৰ আনন্দ কুমাৰ জীৱনৰ ওপৰত আধাৰিত। দুখীয়া পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দি ডাঙৰ মানুহ কৰাত অশেষ চেষ্টা অব্যাহত ৰখা আনন্দ কুমাৰে শেহতীয়াকৈ প্ৰকাশ কৰে যে তেওঁ ব্ৰেইন টিউমাৰত আক্ৰান্ত। তেওঁৰ জীৱনটো বৰ বেছি দীঘলীয়া নহয়। গতিকে তেওঁৰ জীৱন কালতে এই চিনেমাখন সম্পূৰ্ণ কৰিবলৈ জোৰ দিছিল তেওঁ। এতিয়া যিহেতু ১২ জুলাই অৰ্থাৎ আজি দেশৰ চিত্ৰগৃহত এই চিনেমাখনে মুক্তি লাভ কৰিছে গতিকে তেওঁ ইয়াৰ পূৰ্বসন্ধ্যা এই আশ্চৰ্যজনক খবৰটো ৰাজহুৱা কৰে।



প্ৰতিবছৰে দুখীয়া পৰিয়ালৰ ৩০ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক কঠোৰ প্ৰশিক্ষণ দি দেশকৰ আগশাৰীৰ আই আই টিত অধ্যয়নৰ বাবে উপযুক্ত কৰি তোলা আনন্দ কুমাৰৰ ব্ৰেইন টিউমাৰৰ খবৰে তেওঁৰ অনুৰাগীসকলক ম্ৰিয়মান কৰি তুলিছে।

তেওঁৰ মহান অৱদানৰ কথা সমগ্ৰ ভাৰতে জানে। এই আগশাৰীৰ গণিত শিক্ষকগৰাকীক হেৰুৱাবলৈ কোনেও নিবিচাৰে। তেওঁৰ দৰে মহান ব্যক্তিৰ ব্ৰেইন টিউমাৰৰ কথা ২০১৪ চনতে পোহৰলৈ আহিছিল। সোঁকাণৰ পৰা মগজুৰ সংযোগ হোৱা অংশত ব্ৰেইন টিউমাৰ হোৱাত তেওঁ সোঁকাণেৰে প্ৰায় নুশুনাৰ দৰেই হৈ গৈছিল। গতিকে যিমান পাৰি সিমান সোনকালে ছুপাৰ ৩০ চিনেমাখন প্ৰস্তুত কৰিবলৈ অভিনেতা ঋতিক ৰোছন আৰু নিৰ্মাতাক অনুৰোঝ জনাইছিল।


অৱশেষত তেওঁৰ জীৱনৰ সৰ্বোচ্চ উপহাৰ ছুপাৰ ৩০ নামৰ চিনেমাখন চাবলৈ সুযোগ পাব তেওঁ। এয়া তেওঁৰ জীৱনৰ বিশেষ মুহুৰ্ত্ত হ’ব বুলিও তেওঁ স্বীকাৰ কৰে। 

Banner