সবিশেষ প্ৰতিবেদন - কেনেকৈ চলিছিল পাকিস্তানত আক্ৰমণ
দৈনিক বাতৰি

সবিশেষ প্ৰতিবেদন - কেনেকৈ চলিছিল পাকিস্তানত আক্ৰমণ

জিপ্লাছ নিউজডেস্ক | February 26, 2019 12:52 hrs

গুৱাহাটী - ২৬ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ৩.৩০ বজাত পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদী ছাউনিত ভাৰতীয় বায়ু সেনাই কৰা আক্ৰমণৰ পিছতে এই অভিযানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেই। নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি ভাৰতীয় বায়ু সেনাই মঙলবাৰে পুৱতি নিশা চলোৱা অভিযানৰ তথ্য ৰাজহুৱা কৰে বিদেশ সচিবগৰাকীয়ে। ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ লক্ষ্য কেৱল জইছ-ই-মহম্মদৰ ঘাটি আছিল বুলি উল্লেখ কৰি বিদেশ সচিবগৰাকীয়ে কয় যে যাতে এই আক্ৰমণত কোনো সাধাৰণ নাগৰিকৰ ক্ষতিসাধন নহয়, তাৰ বাবে ভাৰতীয় বায়ুসেনা সতৰ্ক আছিল।

গোখলেই সংবাদমেলত কয়, বালাকোটত থকা জেইএমৰ মুখ্য প্ৰশিক্ষণ শিবিৰটো ধ্বংস কৰাই আছিল বায়ু সেনাৰ মূল উদ্দেশ্য। তেওঁ লগতে কয়, ‘জেইএমৰ প্ৰধান মাছুদ আজহাৰৰ ভনী জোঁৱাই মৌলানা ইউছুফ আজহাৰ ওৰফে ওস্তাদ ঘৌৰীয়ে পৰিচালনা কৰা জেইএমৰ প্ৰশিক্ষণ শিবিৰ ধ্বংস কৰাটো আমাৰ মূল উদ্দেশ্য আছিল। যাতে এই আক্ৰমণত কোনো সাধাৰণ নাগৰিক হতাহত নহয়, তাৰ বাবে ভাৰতীয় বায়ু সেনাই পৰিৱেশ সৃষ্টি কৰি লৈছিল।’

উল্লেখ্য যে, বালাকোটৰ পাহাৰীয়ে এলেকাৰ ঘন অৰণ্যৰ মাজত অৱস্থিত সন্ত্ৰাসবাদী সংগঠন জেইএমৰ প্ৰশিক্ষণ শিবিৰটো মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ু সেনাই বোমা নিক্ষেপ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ সক্ষম হয়। বায়ু সেনাৰ সূত্ৰ অনুসৰি এই আক্ৰমণত সন্ত্ৰাসবাদী সংগঠনটোৰ ২০০ ৰো অধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

Banner

ফাইল ফটো