সুশীল চন্দ্ৰা ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্ত
দৈনিক বাতৰি

সুশীল চন্দ্ৰা ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্ত

জি প্লাছ নিউজডেস্ক | February 15, 2019 17:09 hrs

গুৱাহাটী - CBDTৰ অধ্যক্ষ সুশীল চন্দ্ৰাক ভাৰতৰ নতুন নিৰ্বাচন আয়ুক্তৰূপে নিযুক্তি দিয়া হৈছে। ১৯৮০ৰ বেট্ছৰ IRS বিষয়া সুশীল চন্দ্ৰা।

সুনীল আৰোৰা মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাৰ পিছত খালী হৈ আছিল নিৰ্বাচন আয়ুক্তৰ এটা পদ। নিৰ্বাচন আয়োগত মুখ্য নিৰ্বাচন আয়ুক্তৰ উপৰি থাকে দুটা নিৰ্বাচন আয়ুক্তৰ পদ।

নিৰ্বাচন আয়ুক্তৰ আনটো পদত আছে অশোক লৱাচা।
আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব সুশীল চন্দ্ৰাই।

Banner

সুশীল চন্দ্ৰা