‘কংগ্ৰেছে অসমত আৰ এছ এছৰ নিৰ্বাচনী ৰণনীতি অনুকৰণ কৰিব লাগে।” তৰুণ গগৈ
দৈনিক বাতৰি

‘কংগ্ৰেছে অসমত আৰ এছ এছৰ নিৰ্বাচনী ৰণনীতি অনুকৰণ কৰিব লাগে।” তৰুণ গগৈ

জিপ্লাছ ব্যুৰ’ | June 19, 2019 11:20 hrs

১৯ জুন, গুৱাহাটী - অহা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ১২৬ খন আসনৰ ভিতৰত ৮০ খন আসনেই নিজৰ পক্ষে লৈ যাব কংগ্ৰেছে। অৱশ্যে এয়া ঘোষণা নহয়, পৰিকল্পনাহে। সেই পৰিকল্পনাৰেই অংশ হিচাপে এইবাৰ ৰাইজৰ কাষলৈ যাবলৈ সাজু হৈছে অসম কংগ্ৰেছ।

২০২১ ৰ বাবে ‘মিছন-৮০’ৰ লক্ষ্য স্থিৰ কৰিছে কংগ্ৰেছে আৰু এতিয়াৰে পৰা সেই লক্ষ্য পূৰণৰ কামত লগাৰ প্ৰতিশ্ৰুতিও দিছে দলটোৱে। অলপতে এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়, “এয়া এক অতি কঠিন প্ৰত্যাহ্বান আৰু ই সহজ নহয়, কিন্তু আমি সেয়া গ্ৰহণ কৰিবলৈ সাজু আছো।’’
 

গগৈয়ে লগতে কয়, ২০২১ ত ক্ষমতালৈ অহাৰ প্ৰধান ৰণকৌশল হ’ব জনসাধাৰণৰ লগত সম্পৰ্ক স্থাপন কৰা আৰু ইয়াৰ বাবে বুথ কমিটিসমূহক শক্তিশালী কৰি গঢ়ি তোলা।

‘’ৰাইজৰ সৈতে কেনেদৰে সম্পৰ্ক ৰক্ষা কৰিব লাগে সেয়া আমি আৰ এছ এছৰ পৰা শিকিব পাৰো। আমি প্ৰত্যেক ঘৰলৈ যাম আৰু মানুহৰ সমস্যাৰ বিষয়ে বুজ ল’ম আৰু বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰকৃততে লাভ কৰিছেনে নাই সেইটো চাম। আমি গাঁৱত অধিক সময় কটাম।”গগৈৰ প্ৰতিশ্ৰুতি।

উল্লেখ্য যে কংগ্ৰেছৰো সেৱা দল, ভাৰত যুৱক সমাজ আদি তৃণমূল সামাজিক সংগঠন আছে যদিও এইবোৰ নিষ্ক্ৰিয় হৈ আছে।

Banner

তৰুণ গগৈ