টে’ট উত্তীৰ্ণসকললৈ সকাহ, পুনৰ বহিব নালাগে পৰীক্ষাত | শিক্ষামন্ত্ৰীৰ ঘোষণা
দৈনিক বাতৰি

টে’ট উত্তীৰ্ণসকললৈ সকাহ, পুনৰ বহিব নালাগে পৰীক্ষাত | শিক্ষামন্ত্ৰীৰ ঘোষণা

জিপ্লাছ ব্যুৰ’ | June 19, 2019 12:13 hrs

১৯ জুন, গুৱাহাটী - পূৰ্বে টে’ট উত্তীৰ্ণ শিক্ষকসকলে পুনৰ টে’ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাই। এই কথা ঘোষণা কৰিছে স্বয়ং ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে। অলপতে এক বৈদ্যুতিন মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানত এক আলোচনাত ভাগ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। পুনৰ অনুষ্ঠিত হ’বলগীয়া টে’ট পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে এই টে’ট উত্তীৰ্ণ শিক্ষকসকলে।

শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই কয়, “আমি ইতিমধ্যেই তেওঁলোকৰ প্ৰমাণপত্ৰবোৰৰ ম্যাদ বৃদ্ধিৰ ব্যৱস্থা কৰাৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছো আৰু এই সম্বন্ধে কেন্দ্ৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছো।”

ভট্টাচাৰ্যই লগতে কয় যে টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ বদলিৰ প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰা হ’ব।

উল্লেখ্য যে কালি সমগ্ৰ ৰাজ্যতে প্ৰায় ৪০ হেজাৰ ঠিকাভিত্তিক টেট শিক্ষকে চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা সংক্ৰান্তীয় বিভিন্ন দাবীৰে সমগ্ৰ ৰাজ্য উত্তাল কৰি তুলিছিল। আনকি চৰকাৰে কোনোধৰণৰ যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰিলে অহা ২৯ জুন তাৰিখে দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰো হুংকাৰ দিছিল। পিছে শিক্ষামন্ত্ৰীৰ এনে এক ঘোষণাই নিশ্চিতভাৱে টে’ট উত্তীৰ্ণ শিক্ষকসকলক কিছু হ’লেও সকাহ দিছে। 

Banner

প্ৰতিনিধিত্বমূলক ছবি