জনপ্ৰিয় অভিনেতা তথা প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ সাংসদ তাপস পালৰ দেহাৱসান

Wednesday, 01 April 2020

দৈনিক বাতৰি

জনপ্ৰিয় অভিনেতা তথা প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ সাংসদ তাপস পালৰ দেহাৱসান

জিপ্লাছ নিউজ ডেস্ক | February 18, 2020 18:21 hrs

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী : জনপ্ৰিয় বাংলা অভিনেতা আৰু প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ সাংসদ তাপস পালৰ বিয়োগ। হৃদজনিত ৰোগত আক্ৰান্ত হৈ মুম্বাই হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। 

উল্লেখ্য যে কৃষ্ণনগৰ সমষ্টিৰ পৰা  দুবাৰকৈ সাসংদৰ কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰয়াত পালে  ২০১৬ চনৰ ডিচেম্বৰত ৰ’জ ভেলী শ্বিট-ফাণ্ড কেলেংকাৰীত অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰাৰ পাছৰ পৰা চিনেমা আৰু ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰা অব্যাহতি লৈছিল। 

মৃত্যুৰ সময়ত পালে তেওঁৰ পত্নী আৰু কন্যাক এৰি থৈ যায়। 

যোৱা দুবছৰ ধৰি অভিনেতা তথা সাংসদগৰাকীয়ে হৃদজনিত ৰোগৰ চিকিৎসা কৰি আছিল।