আমি দ্বিতীয়বাৰৰ বাবে মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰোঃ অতুল বৰা
দৈনিক বাতৰি

আমি দ্বিতীয়বাৰৰ বাবে মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰোঃ অতুল বৰা

জি প্লাছ ব্যুৰ’ | March 15, 2019 14:25 hrs

গুৱাহাটীঃ দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাতো বিচাৰিছে অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। ভংগ হোৱা মিত্ৰতা পুনৰ স্থাপনৰ পিছত শুকুৰবাৰে বৰাই কয় যে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে অসমত পূৰ্বৰ তুলনাত দ্ৰুত উন্নয়ন সম্ভৱপৰ হৈ পৰিছে বাবে অগপই সিদ্ধান্ত সলনি কৰিছে।

অৱশ্যে নাগৰিকত্ব সংশোধনী বিল সন্দৰ্ভত দলে পূৰ্বৰ স্থিতিকে বাহাল ৰাখিছে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। 'নাগৰিকত্ব সংশোধনী বিল সন্দৰ্ভত আমি আমাৰ স্থিতিতে অটল আছো। কিন্তু কংগ্ৰেছক পৰাস্ত কৰাৰ স্বাৰ্থতে আমি মত নিমিলিলেও বিজেপিৰে মিত্ৰতা স্থাপন কৰিছো।'-বৰাৰ মন্তব্য।

দলৰ স্বাৰ্থতে প্ৰতিজন কৰ্মীক মিত্ৰতাৰ সিদ্ধান্তক আদৰি ল'বলৈকো তেওঁ আহ্বান জনায়। 'মই জানো যে আমাৰ তৃণমূল কৰ্মীসকলে সকলো কথা অনুধাৱন কৰিব পাৰিছে। সেয়ে আমি প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰতিটো সমষ্টিতে জয় লাভ কৰিব পাৰিম বুলি মই নিশ্চিত।'-বৰাৰ দাবী।

Banner

অগপ-বিজেপিৰ সংবাদ মেল