কাইলৈ ‘বীৰ চক্ৰৰে’ সন্মানিত কৰা হ’ব ৱিং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক
১৪ আগষ্ট, গুৱাহাটী - বীৰযোদ্ধা তথা ভাৰতীয় বায়ু সেনাৰ ৱিং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক প্ৰদান কৰা হ’ব সন্মানীয় বীৰ চক্ৰ। কাইলৈ অৰ্থাৎ স্বাধীনতা দিৱসতেই নতুন দিল্লীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানতে প্ৰদান কৰা হ’ব এই সন্মান। উল্লেখ্য যে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা পাকিস্তানৰ এখন এফ-১৬ বিমান আকাশ মাৰ্গতে আক্ৰমণ চলাই ধ্বংস কৰিবলৈ সক্ষম হোৱা ভাৰতীয় ৱিং কামাণ্ডৰ অভিনন্দন বৰ্থমানক দেশৰ তৃতীয় সৰ্ব্বোচ্ছ যুদ্ধ ক্ষেত্ৰৰ সন্মান ‘বীৰ চক্ৰৰে’ সন্মানিত কৰা হ’ব।
কাইলৈ স্বাধীনতা দিৱস উপলক্ষ্যে আয়োজিত অনুষ্ঠানত বীৰগৰাকীক এই সন্মানেৰে সন্মানিত কৰিব ভাৰত চৰকাৰে। তেওঁৰ লগতে বালাকোট আক্ৰমণৰ সময়ত মিৰাজ-২০০০ বিমানেৰে পাক অধিকৃত এলেকাত থকা জৈছ-ই-মহম্মদৰ ঘাটীত আক্ৰমণ চলাই সাহসিকতাৰ পৰিচয় দিয়া বায়ু সেনাৰ ৫ গৰাকী পাইলটকো স্বাধীনতা দিৱসৰ দিনা ‘বায়ু সেনা’ সন্মানেৰে সন্মানিত কৰিব।
লগতে ভাৰতীয় বায়ু সেনাৰ স্কোৱাৰ্ডন লীডাৰ মিনতী আগৰৱালে ২৭ ফেব্ৰুৱাৰীৰ বালাকোট আক্ৰমণৰ সময়ত যুঁজাৰু বিমান নিয়ন্ত্ৰক হিচাপে দেখুওৱা প্ৰদৰ্শনৰ বাবে তেওঁক ‘যুদ্ধ সেৱা’ সন্মানেৰে সন্মানিত কৰা হ’ব। সাহসিকতাৰ এই বঁটা প্ৰাপ্তসকলৰ সূচীত আজি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অনুমোদন জনাইছে।