জুবিন গাৰ্গক পুৰুষোত্তম দাস বঁটা প্ৰদান
দৈনিক বাতৰি

জুবিন গাৰ্গক পুৰুষোত্তম দাস বঁটা প্ৰদান

| March 19, 2019 11:23 hrs

গুৱাহাটীঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হৈছে পুৰুষোত্তম দাস বঁটা। বৰপেটাত অনুষ্ঠিত হৈ থকা চাউলখোৱা মহোৎসৱত সোমবাৰে জুবিনক অসমীয়া লোকসংগীতক জনপ্ৰিয় আৰু বিশ্বমুখী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসমীয়া সংগীত জগতৰ প্ৰখ্যাত গীতিকাৰ আৰু সুৰকাৰ পুৰষোত্তম দাসৰ নামত প্ৰদান কৰা বঁটা গ্ৰহণ কৰি সুখী অনুভৱ কৰিছে বুলি মন্তব্য কৰে জুবিনে। অসমীয়া লোকসংগীতৰ ভেটি আৰু সৌন্দৰ্য্য দেশৰ কোনো ঠাইৰ লগতে তুলনা নহয় বুলিও জনাই শিল্পীগৰাকীয়ে।

উল্লেখ্য যে, ৰঙৰ উৎসৱ ফাকুৱাৰ প্ৰাকক্ষণত সাতদিনীয়া কাৰ্য্যসূচীৰে বৰপেটা জিলাৰ চাউলখোৱা নৈৰ পাৰত আৰম্ভ হৈছে চাউলখোৱা মহোৎসৱ। হাজাৰ হাজাৰ দৰ্শকেৰে ঠাহ খাই পৰা সভাগৃহত বঁটা গ্ৰহণ কৰি জুবিনে কেবাটাও গীতো পৰিৱেশন কৰে।