নেশ্য়নেল বুক ট্ৰাষ্টৰ পৰা পদত্যাগ ড. ৰীতা চৌধুৰীৰ
দৈনিক বাতৰি

নেশ্য়নেল বুক ট্ৰাষ্টৰ পৰা পদত্যাগ ড. ৰীতা চৌধুৰীৰ

জি প্লাছ নিউজডেস্ক | January 11, 2019 12:12 hrs

গুৱাহাটী - সৌসিদিনা তেওঁ ফে'চবুকত এটা পোষ্ট কৰিছিল। মই অসমীয়া - এয়াই আছিল ইংগিত! বিশিষ্ট লেখিকা ড. ৰীতা চৌধুৰীৰ ফে'চবুক পোষ্টৰ কথাই কোৱা হৈছে।

নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াৰ সঞ্চালিকাৰ পদ ত্যাগ কৰিছে বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটা বিজয়ীনি ড. ৰীতা চৌধুৰীয়ে। সংগ্ৰামেৰে যাত্ৰা আৰম্ভ কৰি সাহিত্য ক্ষেত্ৰত শক্তিশালী খোজেৰে এন বি টিৰ দৰে দেশৰ শীৰ্ষস্থানীয় সাহিত্য সংস্থাৰ সঞ্চালিকাৰ দৰে পদত অধিষ্ঠিত হোৱাৰ পিছত ‘মাকাম’ৰ লেখিকা ড. ৰীতা চৌধুৰীৰ আকষ্মিক পদত্যাগে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

অসম আন্দোলনত আছুৰ হৈ সক্ৰিয় ভুমিকা পালন কৰা ড. চৌধুৰীয়ে সাহিত্য সাধনাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যাপিকা হিচাপেও নিয়োজিত হৈ আছিল। উল্লেখ্য যে ২০১৫ চনত তেওঁ প্ৰথমগৰাকী অসমীয়া হিচাপে এন বি টিৰ সঞ্চালিকাৰ দায়িত্ব গ্ৰহণ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, কাৰ্যকাল শেষ নৌহওঁতেই ৰহস্যজনক কাৰণত পোন্ধৰ দিন পূৰ্বে তেওঁ চৰকাৰলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে যদিও দুদিনমান পূৰ্বেহে ইয়াৰ প্ৰতি অনুমোদন জনায় চৰকাৰে।

Banner

ড. ৰীতা চৌধুৰী