ড্ৰাগছসহ গ্ৰেপ্তাৰ অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ মোজাম্মিল হক
দৈনিক বাতৰি

ড্ৰাগছসহ গ্ৰেপ্তাৰ অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ মোজাম্মিল হক

জি প্লাছ নিউজডেস্ক | January 11, 2019 11:41 hrs

গুৱাহাটী - এসময়ত বল হাতত লৈ বিপক্ষৰ বেটিং শক্তি তচনচ কৰি দিয়াৰ সামৰ্থ্ আছিল তেওঁৰ হাতত। পিছে সেই হাতত আজি হাতকেৰেয়ো। সেই হাতত আজি ড্ৰাগছ। এসময়ত অসমৰ হৈ ৰঞ্জী খেলা ক্ৰিকেটাৰ মোজাম্মিল হক গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত। ১০ জানুৱাৰীত হকৰ বৰ্ষাপাৰা ৰোলিং মিলৰ সমীপৰ ভাড়াঘৰৰ পৰা ফটাশিল আমবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ভালেমান নিচাযুক্ত সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে হকক।

আৰক্ষীয়ে প্ৰাক্তন খেলুৱৈগৰাকীৰ পৰা ২৮ গ্ৰাম হেৰ’ইন, নাইট্ৰ'চাম আৰু ২০০ প্লাজমা প্ৰজেছিক প্লাছ টেবলেট, ২ কাৰ্টন চেলফ্ৰেক্স' ছিৰাপ, ১২০ বটল কৰেক্স কফ ছিৰাপ আৰু ১২,৫০০ টকা জব্দ কৰে।

জানিব পৰা মতে, প্ৰাক্তন ৰঞ্জী খেলুৱৈগৰাকীক ইয়াৰ পূৰ্বেও ড্ৰাগছ সংক্ৰান্তীয় ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান মোজাম্মিল হকক ফটাশিল আৰক্ষী থানাত ৰখা হৈছে।

Banner

মোজাম্মিল হক