গুৱাহাটীত অনুষ্ঠিত হ’ব পাৰে ছিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ
দৈনিক বাতৰি

গুৱাহাটীত অনুষ্ঠিত হ’ব পাৰে ছিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ

জি প্লাছ নিউজডেস্ক | December 06, 2018 12:40 hrs

গুৱাহাটী - গুৱাহাটীত অনুষ্ঠিত হ’ব পাৰে ২০১৮-১৯ বৰ্ষৰ ছিনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ। হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতা গুৱাহাটীলৈ স্থানান্তৰ হোৱাৰ সম্ভাৱনা আছে। এই সংকেত দিছে খোদ সৰ্বভাৰতীয় বেডমিণ্টন সংস্থাই। উল্লেখ্য যে চলিত বৰ্ষৰ প্ৰথমাৰ্ধত গুৱাহাটীত সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছিল জুনিয়ৰ নেশ্যনেল বেডমিণ্টন চেম্পিয়নশ্বিপ। ইয়াৰ সুবাদতেই হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ ঘটোৱাৰ পক্ষপাতী সংস্থা।

উল্লেখ্য যে প্ৰতিযোগিতাৰ বাবে থিৰাং কৰা হায়দৰাবাদৰ ঠাইখিনি অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ উপলব্ধ নহয় বুলি উল্লেখ কৰিছে সংস্থাই, এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীলৈ এই সমগ্ৰ প্ৰতিযোগিতাখনকেই স্থানান্তৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

অৱশ্যে এইপৰ্যন্ত কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও অহা সপ্তাহত এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন সংস্থাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাৰো গৃহভুমি গুৱাহাটী হোৱা হেতুকে এই সম্ভাৱনা অধিক হৈ পৰিছে। 

Banner

চাইনা নেহৱাল (ফাইল ফটো)