Assam Schools Will Re-Open From 21 September | Assamese News
দৈনিক বাতৰি

''২১ ছেপ্টেম্বৰৰ পৰা খোলা হ’ব বিদ্যালয়সমূহ'' - হিমন্ত বিশ্ব শৰ্মা

জি প্লাছ নিউজডেস্ক | September 14, 2020 18:07 hrs

২১ ছেপ্টেম্বৰৰ পৰা পৰ্যায়্ক্ৰমে খোলা হ’ব অসমৰ বিদ্যালয়সমূহ। সোমবাৰে এই কথা সদৰি কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক।


‘‘বিদ্যালয়্সমূহ খোলা হ’ব ৫০% শিক্ষক-শিক্ষয়িত্ৰীক লৈ।  নৱম, দশম, একাদ্বশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাব যদিহে অভিভাৱকে অনুমতি দিয়ে।” লগতে তেওঁ জনায় যে,‘‘ আমি মাস্ক যোগান নধৰো কিন্তু চেনিটাইজিং আমি কৰিম।”


পূৰ্বতে ১ ছেপ্টেম্বৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল।


এই নিৰ্দেশৰ পিছত ৰাজ্যজুৰি অভিভাৱক তথা শিক্ষাৰ্থীৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় মন কৰিবলগীয়া।