বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু | GPlus Assamese |Assamese News Update | Asomiya News
দৈনিক বাতৰি

ৰাণী সংৰক্ষিত বনাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু

জি প্লাছ নিউজডেস্ক | September 26, 2020 10:34 hrs

গুৱাহাটীঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু ঘটে।


জানিব পৰা মতে, খাদ্যৰ সন্ধানত ওলাই অহা দুই দঁতাল আৰু মাখুন্দী বন্যহস্তীয়ে  বাঁহ গছ খাবলৈ ওলাই আহোতেই বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুক সাৱতিবলগীয়া হয়।


স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী দল এটি ঘটনাস্থলীত উপস্থিত হৈ মৰোনত্তোৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহন কৰে।


বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে দঁতাল বন্যহস্তীটোৰ বয়স প্ৰায় ৪০ বছৰ আৰু মাখুন্দী হাতী জনীৰ বয়স ৩০ বছৰ মান হ’ব বুলি অৱগত কৰে।