ৰাজ্যত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি, কাছাৰত এগৰাকীৰ দেহত ক'ৰোনা চিনাক্ত
দৈনিক বাতৰি

ৰাজ্যত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি, কাছাৰত এগৰাকীৰ দেহত ক'ৰোনা চিনাক্ত

জিপ্লাছ নিউজ ডেস্ক | April 04, 2020 23:30 hrs

৪ এপ্ৰিল, গুৱাহাটীঃ ৰাজ্যত প্ৰতিঘণ্টাত বৃদ্ধি পাইছে ক'ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। কিছু সময়ৰ পূৰ্বে কাছাৰৰ এগৰাকী লোকৰ শৰীৰত ক'ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। 

ইয়াৰ পূৰ্বে আজি উত্তৰ লক্ষীমপুৰত এগৰাকী লোকৰ শৰীৰত ক'ৰোনা ভাইৰাছ পজিটিভ ঘটনা ধৰা পৰে।  উল্লেখ্য যে ১ জন ৰোগীৰ বাহিৰে এতিয়ালৈ ক'ৰোনা ভাইৰাছ ধৰা পৰা গোটেই কেইগৰাকী ৰোগীয়ে নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰিছিল।

সম্প্ৰতি ৰাজ্যত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি হৈছে।