বিশ্বনাথত ১০ জুৱাৰীসহ, বিলাসী গাড়ী,ধন জব্দ
দৈনিক বাতৰি

বিশ্বনাথত ১০ জুৱাৰীসহ, বিলাসী গাড়ী,ধন জব্দ

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 11:01 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰাং বেহা। বুধবাৰে নিশা বিশ্বনাথ চাৰিআলিত আৰক্ষীৰ অভিযানত ১ লাখ টকা,বিলাসী গাড়ীসহ ১০ জনকৈ জুৱাৰীক আটক কৰে। লগতে আৰক্ষীয়ে  ১৪৪টা জুৱা খেলৰ টোকেন, তাছপাত, তিনিখন বিলাসী গাড়ী আৰু তিনিখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে এক গোপন সূত্ৰ অনুসৰি বৰকুৰা গাঁৱৰ এটা বটল ফেক্টৰীত দীৰ্ঘদিন ধৰি চলি অহা জুৱা ঘাটিটো উৎখাত কৰি বহুতো আপত্তিজনক সামগ্ৰীও লাভ কৰে। আটকাধীন জুৱাৰীকেইজন ক্ৰমে ৰাতুল বৰা, অযোধ্যা গুপ্তা, ছলমান আলী, ভগৱন্ত বড়ো, দ্বীপেন বৰা, মনোজ শ্বাহ, আব্দুল হালিম, হালিম উদ্দিন, কুদৰত আলী আৰু ৰছিদ খান ৷ 

ৰাতুল বৰা নামৰ লোকজনৰ ফেক্টৰীটোত জুৱা খেলি থকা অৱস্থাৰ পৰা আটক কৰা হয় লোককেইজনক।দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে জুৱাৰ ঘাটি উচ্ছেদৰ বাবে আৰক্ষীক দাবী জনাই আহিছিল।

Banner