In Last 5 Years 15,000 Bangladeshis Received Indian Citizenship : Centre | Assamese News
দৈনিক বাতৰি

১৫,০০০ বাংলাদেশীয়ে নাগৰিকত্ব পালে বিগত পাঁচ বছৰত, গৃহ মন্ত্ৰালয়ে জনায়

জি প্লাছ নিউজ | September 21, 2020 11:07 hrs

১৫,০০০ বাংলাদেশীয়ে নাগৰিকত্ব পালে বিগত পাঁচ বছৰত, গৃহ মন্ত্ৰালয়ে জনায়।


ভাৰতে ১৫,০০০ বাংলাদেশীক নাগৰিকত্ব দিয়ে বিগত পাঁচ বৰ্ষত, দেওবাৰে, ২০ ছেপ্টেম্বৰত এই কথা সদৰি কৰে গৃহ মন্ত্ৰালয়ে ৰাজ্য সভাত।


গৃহ মন্ত্ৰালয়ৰ মতে, অসম চৰকাৰে প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি, বিদেশী ন্যায়াধিকৰণ (Foreigners Tribunals)ত “সন্দেহজনক ভোটাৰ” হিচাপে গণিত লোকৰ সৰ্বমুঠ ৮৩,০০৮টা মোকৰ্দমা অপেক্ষিত হৈ আছে।


মন্ত্ৰালয়ে লগতে জনায় যে, সৰ্বমুঠ ৮৬,৭৫৬ লোকক বিগত পাঁচ বছৰত বিদেশী ঘোষণাও কৰা হয়।


ৰাজ্যিক গৃহ মন্ত্ৰালয় মন্ত্ৰী নিত্যানন্দ ৰায়ে সদৰি কৰা মতে, আটক কেন্দ্ৰসমূহৰ সাংখ্যিক তথ্যৰ সবিশেষ কেন্দ্ৰৰ দ্বাৰা পৰিচালনা কৰা নহয়। এই সমূহ আটক কৰা বিদেশীৰ সংখ্যাৰ লগত ৰাজ্যিক চৰকাৰ আৰু স্বায়ত্ত শাসিত অঞ্চল সমূহৰ কর্তৃপক্ষই স্থাপন কৰে।