বানৰ কবলত ৰাজ্যৰ ১৬ খন জিলা, ১৬ জনৰ মৃত্যু
দৈনিক বাতৰি

বানৰ কবলত ৰাজ্যৰ ১৬ খন জিলা, ১৬ জনৰ মৃত্যু

জিপ্লাছ নিউজ ডেস্ক | June 27, 2020 11:29 hrs

২৭ জুন, গুৱাহাটী: ৰাজ্যত বানৰ সংহাৰ। বিগত চাৰিদিনধৰি নেৰা নেপেৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে নৈ উপনৈসমূহ। ৰাজ্যত শেহতীয়াকৈ  ১৬ খন জিলা  বানত বুৰ যায়। আনহাতে ১৬ জন মৃত্যুৰ মুখত পৰে। 

অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্যমতে ধেমাজি, লক্ষিমপুৰ, বিশ্বনাথ চাৰিআলি, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, গিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ২৩ টা ৰাজহ চক্ৰৰ ৪৯২ খন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। 

উল্লেখ্য যে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ দহটা ৱাৰ্ডত বৰষুণৰ পানী জমা হোৱাৰ ফলত অঞ্চলটোসমূহ পানীত বুৰ যায়।