Teenager Dies of COVID-19 Aged 17-Years in Assam | Assamese News
দৈনিক বাতৰি

ক’ভিড-১৯ৰ গ্ৰাসত পৰা ১৭ বছৰীয়া কিশোৰৰ মৃত্যু

| September 17, 2020 10:44 hrs

গুৱাহাটীঃ বুধবাৰ, ১৬ ছেপ্টেম্বৰৰ দিনা লক্ষীমপুৰ জিলাৰ এজন ১৭ বছৰীয়া কিশোৰ ক’ভিড-১৯ৰ গ্ৰাসত মৃত্যুৰ মুখত পৰে যি সকলোতকৈ কম বয়সীয়াল ভুক্তভোগীসকলৰ ভিতৰত এজন।


বুধবাৰৰ দিনটোৰ ভিতৰত সৰ্বমুঠ ১৯ জন ক’ভিড-১৯ গ্ৰাসত পৰা ৰোগীৰ  মৃত্যু হয় আৰু ইয়াৰ লগতে ৰাজ্যৰ  মৃতৰ সংখ্যা ৫১১ পায়গৈ।


“শোকাকুল পৰিয়ালটিলৈ মোৰ সমবেদনা যাচিলো। ঔঁম শান্তি,” স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাই।


বুধবাৰে আৰু ২,৩৯৪ লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগে লগে ৰাজ্যখনৰ সৰ্বমুঠ ৰোগীৰ সংখ্যা ১,৪৮,৯৬৯ হয়।


লগতে, ২,৪৬৪ আৰোগ্য লোকে ৰাজ্যৰ বিভিন্ন ক’ভিড কেন্দ্ৰৰ পৰা মুক্তি পায়।