২৪ ঘণ্টাত মহানগৰীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৯৫ 
দৈনিক বাতৰি

২৪ ঘণ্টাত মহানগৰীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৯৫ 

জিপ্লাছ নিউজ ডেস্ক | June 29, 2020 10:34 hrs

২৯ জুন, গুৱাহাটী: মহানগৰীত ভয়াবহ ৰূপ লৈছে প্ৰাণঘাতক কৰ’ণা ভাইৰাছে। যোৱা ২৪ ঘণ্টাত মহানগৰীত ১৯৫ গৰাকীৰ দেহত কৰ’ণা ভাইৰাছ পজিটিভ ধৰা পৰে। 

ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা ঘোষণা কৰি কয় যে যোৱা ২৪ ঘণ্টাত ৰাজ্যজুৰি  ৩২৭ গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছ পজিটিভ ধৰা পৰিছে। এইসমূহৰ ভিতৰত অৰ্ধশতাংশ তথা ১৯৫ টা ঘটনাই গুৱাহাটীৰ। 

ইফালে মহানগৰীত কৰ’ণাৰ সংক্ৰমণ ৰোধিবলৈ ৰাজ্য চৰকাৰে ২৮ জুনৰ মাজনিশাৰ পৰা ১২ জুলাইলৈ ১৫ দিনীয়া লকডাউনৰ ঘোষণা কৰে।

সম্প্ৰতি অসমত ২,৩৯০ গৰাকী লোকৰ দেহত কৰ’ণা ভাইৰাছ সক্ৰিয় হৈ আছে আৰু আৰোগ্যৰ সংখ্যা ৫,০৮৮লৈ বৃদ্ধি হৈছে।