পঞ্চায়ত নিৰ্বাচন - ১৬খন জিলাৰ বিভিন্ন ঠাইত ভোটগ্ৰহণ আৰম্ভ

Tuesday, 18 February 2020

দৈনিক বাতৰি

পঞ্চায়ত নিৰ্বাচন - ১৬খন জিলাৰ বিভিন্ন ঠাইত ভোটগ্ৰহণ আৰম্ভ

জিপ্লাছ নিউজডেস্ক | December 05, 2018 11:23 hrs

গুৱাহাটী - আজি পুৱাৰে পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ মুঠ ১৬খন জিলাৰ মুঠ ১৪,০৭৭টা কেন্দ্ৰত চলি আছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত মুঠ ৪৩,৫১৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

এই পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ৯১,১৯,৯৩৮ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৪৭,৪৬,৮২১ জন আৰু মহিলা ভোটাৰ ৪৪,৭৩,১১৭গৰাকী। প্ৰথম পৰ্য্যায়ৰ ভোটকেন্দ্ৰবোৰৰ ভিতৰত মুঠ ১৭৯৯ টা কেন্দ্ৰক অতি স্পৰ্শকাতৰ আৰু ৫,১৬২টা কেন্দ্ৰক স্পৰ্শকাতৰ বুলি গণ্য কৰা হৈছে। 

পুৱা ৭ বজাৰ আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিয়লি ৩ বজালৈ ভোটদান কৰিব পাৰিব ভোটাৰসকলে। পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। প্ৰথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ গ্ৰাম্য আৰু কামৰূপ(মহানগৰ)ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে।

এইবাৰ ৭৮,৫৭১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ পঞ্চায়তৰ ১ কোটি ৫৭ লাখ ভোটাৰে। ইফালে অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ইয়াৰ পিছতে ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা।

পঞ্চায়ত ভোটদান প্ৰক্ৰিয়া