খেতি কৰি স্বাৱলম্বী নগাৱঁৰ ২ যুৱক 
দৈনিক বাতৰি

খেতি কৰি স্বাৱলম্বী নগাৱঁৰ ২ যুৱক 

জিপ্লাছ নিউজ ডেস্ক | October 19, 2019 12:55 hrs

১৯ অক্টোবৰ, গুৱাহাটী : পাবলৈ নাই চৰকাৰী চাকৰি! চৰকাৰী চাকৰিৰ আশা বাদ দি নগাৱঁৰ চানখোলাৰ দুজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ। খেতিক জীৱিকা হিচাপে লৈ স্বাৱলম্বী হৈছে চানখোলাৰ  নুৰজামাল খান আৰু জাকিৰ হুছেইন।  

২০১৭ চনত যুৱকদ্বয়ে চাৰিগৰাকী খেতিয়কক লগত লৈ ৬ বিঘা মাটিত কৃষি-কাৰ্য আৰম্ভ কৰিছিল। উক্ত মাটিখিনত তৰমুজৰ খেতি কৰি দুই বছৰত কেইবালক্ষ টকা উপাৰ্জন কৰে যুৱকদ্বয়ে। তাৰ পিছতেই National food security mission TRFE 2019-2020 আঁচনিৰ অধীনত নগাঁও জিলা কৃষি বিভাগৰ যোগেদি বিনামূলীয়াকৈ ১০ হেক্টৰ মাটিৰ বিপৰীতে ২০০ কিলোগ্ৰাম মগুমাহ আৰু ১০ হেক্টৰ মাটিৰ বিপৰীতে ২২০ কিলোগ্ৰাম মাটিমাহৰ লগতে কীটনাশক দৰৱ যোগান পাই দক্ষিণ চানখোলা চুবুৰীত ছন পৰি থকা মাটিত ২২ জন কৃষকে দুইজাতৰ মাহজাতীয় খেতি কৰে।

এই কৃষিকাৰ্যত যুৱকদ্বয়ে কৃষিকৰ্ম কৰি নিজকে স্বাৱলম্বী কৰাৰ লগতে গাঁওখনৰ অন্যান্য কৃষকসকলকো বিভিন্ন জাতৰ খেতি কৰিবলৈ প্ৰেৰণা যুগাইছে। যুৱকদ্বয়ৰ এই অনুকৰণীয় পদক্ষেপক অঞ্চলবাসীয়ে সলাগ লৈছে।

Banner