বিশেষভাৱে সক্ষম স্বামীৰ সমূখতে মহিলাক ধৰ্ষণ

Friday, 03 April 2020

দৈনিক বাতৰি

বিশেষভাৱে সক্ষম স্বামীৰ সমূখতে মহিলাক ধৰ্ষণ

জিপ্লাছ ব্যুৰ’ | August 12, 2019 19:04 hrs

 

১২ আগষ্ট, গুৱাহাটী : ডিব্ৰুগড়ৰ গাভৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত বকপৰা ধৰবন্দি চুকত যোৱা নিশা এক জঘন্য সংঘটিত হয়। বিশেষভাৱে সক্ষম স্বামীক তিনিজনীয়া দুৰ্বৃত্ত দল এটাই বন্দী কৰি স্বামীৰ সন্মুখতেই ধৰ্ষণ কৰে দুই সন্তানৰ মাতৃক। 

মহিলাগৰাকীয়ে তিনি দুৰ্বৃত্তৰ পৰা পৰিত্ৰাণ পাবলৈ দৌৰি পলায়ন কৰে যদিও দুবৃত্তৰ দলটোৱে মহিলাগৰাকীক খেদি খেদি ধৰ্ষণ কৰে। দুৰ্বৃত্তৰ দলটোৱে ভোক্তভোগী মহিলাগৰাকীক অচেতন অৱস্থাত পেলাই থৈ যায়। 

উক্ত এলেকাটোত জনবসতি কম হোৱাৰ বাবে আৰু গভীৰ নিশা হোৱাৰ বাবে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰিছিল যদিও স্থানীয় লোকসকলে শুনিবলৈ সক্ষম নহয়। মহিলাগৰাকীয়ে চেতন ঘূৰাই পোৱাত  সমস্ত ঘটনা বিৱৰি কোৱাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। 

ঘটনা সম্পৰ্কে মহিলাগৰাকীৰ পৰিয়ালে গাভৰুপথাৰত এজাহাৰ দাখিল কৰে। কিন্তু  আৰক্ষীয়ে মহিলা আৰক্ষীৰ অবিহনে  আহি মহিলাগৰাকীক ঘটনাটোৰ সন্দৰ্ভত মুকলিকৈ সোধ-পোছ কৰে। এনেদৰে নিৰ্যাতিতা মহিলাগৰাকীক সোধা পোছা কৰাত ৰাইজে আপত্তি কৰাত আৰক্ষীয়ে মহিলাগৰাকীক গাভৰুপথাৰ আৰক্ষী চকীলৈ লৈ যায়।

মহিলাগৰাকীয়ে লম্পটকেইটাৰ ভিতৰত পাপু শৰ্মা নামৰ স্থানীয় যুৱকজনক চিনি পোৱা বুলি অৱগত কৰে। আৰক্ষীয়ে উক্ত সূত্ৰৰ অনুসৰি লাহোৱাল আৰক্ষীৰ সহযোগত তিনিও লম্পটকে আটক কৰিবলৈ সক্ষম হয়।  পাপু শৰ্মা ওৰফে তৃষ্টি শৰ্মা,বকুল মাজগাৱঁৰ বিবেক কোঁৱৰ ওৰফে বাবাকণ আৰু লাহোৱাল ৰাজাখাত গাৱঁৰ ভাস্কৰ গোহাঁই নামৰ তিনি লম্পটক ৰাইজৰ হাতত গতাই দিবলৈ স্থানীয় ৰাইজে দাবী কৰে। 

পৰিস্থিতি অৱনতিৰ আশংকা কৰি গাভৰুপথাৰ আৰক্ষীয়ে তিনিওটাকে ডিব্ৰুগড় সদৰ থানালৈ প্ৰেৰণ কৰে। সদৰ থানাত তিনিও অভিযুক্তকে সোধা- পোছা অব্যাহত ৰাখিছে। ইতিমধ্যে মহিলাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।