কলিয়াবৰত তেল সহ আটক তিনি তেলচোৰ
দৈনিক বাতৰি

কলিয়াবৰত তেল সহ আটক তিনি তেলচোৰ

জিপ্লাছ নিউজ ডেস্ক | September 16, 2019 15:26 hrs

১৬ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে পেট্ৰল ডিজেলৰ ৰমৰমীয়া বেহা। আজি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটা দলে বাগৰিৰ নজিৰ ধাবাৰ পৰা তেলসহ তিনিটা তেল সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। এই অভিযানত আৰক্ষীয়ে ১১ টা তেলৰ ড্ৰাম সহ  হাজাৰৰো অধিক লিটাৰ চোৰাং তেল জব্দ কৰে।

আটক তেল সৰবৰাহকৰাীক কেইটা  নাজিৰ আহমেদ, ৰশ্বিদুল হক, আহেমদ আলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাক সোধ-পোছ অব্যাহত ৰাখিছে।

Banner