30,000 Lives Across 5 Districts Disrupted by First Wave of Floods in Assam | Assamese News
দৈনিক বাতৰি

বছৰৰ প্ৰথমটো বানত অসমৰ পাচখন জিলাত দুৰ্বিসহ পৰিস্থিতি : ৩০,০০০ লোক গৃহহাৰা

জিপ্লাছ | May 26, 2020 09:56 hrs

২৬ মে’, গুৱাহাটী - ৰাজ্যত ধাৰাবাহিকভাৱে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ ঘটনা বৃদ্ধি পোৱাৰ লগে লগে আন এক বিপদে লগ দিছে ৰাজ্যবাসীক। বছৰৰ প্ৰথমটো বানে ইতিমধ্যেই ৰাজ্যৰ ৫ খন জিলাৰ ৩০,০০০ ৰো অধিক লোকক গৃহহাৰা কৰিছে।

উল্লেখ্য যে শেহতীয়া খবৰ অনুসৰি লক্ষিমপুৰ, ধেমাজি, ডিব্ৰুগড়, দৰং আৰু গোৱালপাৰা জিলাৰ প্ৰায় ১২৭ খন গাওঁ জলমগ্ন হৈ পৰিছে। ইফালে প্ৰায় ৫৭৯ হেক্টৰ কৃষিভুমি প্লাৱিত হৈছে এই বানত। শেহতীয়াকৈ চাইক্ল’ন আম্ফানৰ বাবে অসম তথা দাঁতিকাষৰীয়া অঞ্চলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে এনে এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে। 

এনে এক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক ১০ জুনৰ পূৰ্বে ৰাজ্যলৈ উভতিবৰ বাবে আহ্বান জনাইছে, যাতে অনাগত বাৰিষা কালত প্ৰদান কৰিবলগীয়া বান সাহায্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবৰ বাবেই এই আহ্বান জনাইছে। 

উল্লেখ্য যে ৰাজ্যৰ ভিতৰতে গোৱালপাৰা জিলাত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ প্ৰায় ৯০ খন জিলাৰ ২৩,০০০ লোক ব্যাপকভাৱে প্ৰভাৱিত হৈছে এই বানত। ইতিমধ্যেই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৩৩ টা সাহায্য শিবিৰ স্থাপন কৰিছে জিলাখনত।