অসমৰ পৰা ৩০ বাংলাদেশী নাগৰিকক বহিস্কাৰ

Saturday, 30 May 2020

দৈনিক বাতৰি

অসমৰ পৰা ৩০ বাংলাদেশী নাগৰিকক বহিস্কাৰ

জিপ্লাছ ব্যুৰ’ | July 26, 2019 11:21 hrs

২৬ জুলাই, গুৱাহাটী - ৩০জনকৈ অবৈধ বাংলাদেশীক নীতি নিয়মসহ কৰিমগঞ্জৰ আৰক্ষী আৰু সীমান্ত ৰক্ষী বাহিনীয়ে  বংলাদেশলৈ প্ৰেৰণ কৰে। 

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অপৰাধত অসমৰ শিলচৰ, গোলাঘাট, যোৰহাট, কোকৰাঝাৰ, তেজপুৰ, গোৱালপাৰাসহ ৬টা ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখা হৈছিল ২৭জন পুৰুষ আৰু ৩ গৰাকী মহিলাক। পাছপ’ৰ্ট  আৰু ভিছা অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত এই ৩০ জন বাংলাদেশী লোকক অসমৰ ১৮ খন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, শাস্তিৰ ম্যাদ উকলি যোৱাত দুয়োখন দেশৰ মাজৰ প্ৰচলিত নিয়ম অনুসৰিয়েই লোককেইজনক প্ৰত্যাৰ্পনৰ ব্যৱস্থা কৰা হয়। কৰিমগঞ্জ জিলাৰ মাজেৰে সীমান্তৰক্ষী বাহিনীয়ে তেওঁলোকক কুশিয়াৰা নৈ হৈ বাংলাদেশৰ জকিগঞ্জৰ ব’ৰ্ডাৰ গাৰ্ডৰ হাতত গতাই দিয়ে। 

ফাইল ফটো