33 Air Travellers Among New COVID-19 Positive Cases in Assam | Assamese News
দৈনিক বাতৰি

অসমত নতুনকৈ ক’ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৩৩ গৰাকীয়েই আছিল বিমানযাত্ৰী

জিপ্লাছ | June 02, 2020 09:39 hrs

০২ জুন, গুৱাহাটী - দেশত বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ লগে লগে অসমত পহিলা জুনৰ দিনাই পুনৰ ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 

প্ৰাপ্ত তথ্য অনুসৰি, ১ জুনৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰা পৰা ক’ৰোনা আক্ৰান্ত ৰোগীসকলৰ ভিতৰত ৩৩ গৰাকী ৰোগীক চিনাক্ত কৰা হৈছে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। 

যোৱা নিশা মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে উল্লেখ কৰে, “কুৱেইটৰ পৰা আহি পাইছে ৩০ গৰাকীকৈ যাত্ৰী। ইফালে ১২ গৰাকী ৰোগী কাছাৰৰ, ১০ গৰাকী কামৰূপৰ, ৯ গৰাকী কৰিমগঞ্জৰ, ৭ গৰাকী কোকৰাঝাৰৰ, ২ গৰাকী হাইলাকান্দিৰ আৰু বৰপেটা - নগাওঁ আৰু যোৰহাটৰ। এই পৰ্যন্ত ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৪৬৩ লৈ বৃদ্ধি পালে।”