নিজামুদ্দিন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা  ৩৪৭ জন লোকেই অসমত আছেহি - হিমন্ত বিশ্ব শৰ্মা 

Saturday, 06 June 2020

দৈনিক বাতৰি

 নিজামুদ্দিন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা  ৩৪৭ জন লোকেই অসমত আছেহি - হিমন্ত বিশ্ব শৰ্মা 

জিপ্লাছ নিউজ ডেস্ক | April 01, 2020 15:12 hrs

১ এপ্ৰিল, গুৱহাটীঃ শেহতীয়াকৈ দিল্লীৰ নিজামুদ্দিনৰ সমীপত অনুষ্ঠিত ধৰ্মসভাত অংশ লোৱা ৫৪৭ জন লোকৰ ভিতৰত ৩৪৭ জনেই ইতিমধ্যেই অসমত প্ৰৱেশ কৰিছেহি। আজি কৰোনা ভাইৰাছ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।
 
মন্ত্ৰীগৰাকীয়ে কয় - "এই ধৰ্মীয় সভাত অসমৰ পৰা ৫৪৭ গৰাকী লোকে অংশগ্ৰহণ কৰিছিল। আমি তেওঁলোকৰ ২৩০ জন লোকক চিনাক্ত কৰি তেজৰ নমুনা পৰীক্ষা কৰিছো। অন্য কেইগৰাকীক চিনাক্ত কৰিব পৰা নাই। আমি খবৰ পোৱামতে শেহতীয়াকৈ গুৱাহাটীত দোকান পোহাৰ খুলি দিওঁতে তেওঁলোকৰ কেবাজনে বেপাৰ বানিজ্য কৰিও গৈছিলহি। লগতে ধৰ্মসভাত অংশগ্ৰহণ কৰা বাকীসকল লোকক দিল্লীতে চিকিৎসা প্ৰদান কৰা হৈছে।" 

আনহাতো মন্ত্ৰীগৰাকীয়ে কয় যে ২৩০ জন লোকৰ ভিতৰত ১৯৬ জন লোকৰ তেজৰ নমুনা পৰীক্ষা কৰিবলৈ বাবে পাচঁখন মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।