4 Repatriation Flights Expected to Land at Guwahati Starting Tomorrow | Assamese News
দৈনিক বাতৰি

কাইলৈৰ পৰা চাৰিখন বিমানেৰে অসমলৈ অনা হ’ব বিশ্বৰ বিভিন্ন প্ৰান্তত আবদ্ধ অসমবাসীক

জিপ্লাছ | May 26, 2020 12:43 hrs

২৬ মে’, গুৱাহাটী - কাইলৈৰ পৰা আৰু চাৰিখন বিমানেৰে দেশৰ বিভিন্ন স্থানত আবদ্ধ লোকক অসমলৈ লৈ অহাৰ প্ৰক্ৰিয়া আৰম্ভ ৰা হ’ব। এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

আজি এক টুইটযোগে তেওঁ কয়, “২৭ মে’ৰ পৰা ৫ জুন, ২০২০ ৰ ভিতৰত চাৰিখন বিমানেৰে দেশৰ বিভিন্ন স্থানত আবদ্ধ লোকক অসমলৈ লৈ অহা হ’ব। পৰৱৰ্তী সপ্তাহত ইউক্ৰেইন, মস্কো, ফিলিপাইনছ আৰু কুৱেইটৰ পৰা বিমানযোগে যাত্ৰী লৈ অহা হ’ব ৰাজ্যলৈ।”

উল্লেখ্য যে কেন্দ্ৰৰ বন্দে ভাৰত মিছনৰ অধীনত এইসকল লোকক ৰাজ্যলৈ লৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।  

 

ইফালে সোমবাৰে ড’হা, ছেন ফ্ৰান্সিস্ক’, মেলব’ৰ্ণ আৰু ছিডনীৰ পৰা সোমবাৰে ৮০০ ৰো অধিক লোকক লৈ আহিছে চাৰিখন বিমানে।