আলফা স্বাধীনলৈ পুনৰ যুৱক যোৱাৰ সন্দেহ, কাকপথাৰত এজন যুৱকসহ ৪ ছাত্ৰ নিৰুদ্দেশ

Friday, 03 April 2020

দৈনিক বাতৰি

আলফা স্বাধীনলৈ পুনৰ যুৱক যোৱাৰ সন্দেহ, কাকপথাৰত এজন যুৱকসহ ৪ ছাত্ৰ নিৰুদ্দেশ

জিপ্লাছ নিউজ ডেস্ক | February 25, 2020 17:51 hrs

২৫ ফেব্ৰুৱাৰী, গুৱাহাটী : আলফা স্বাধীনলৈ পুনৰ ঢাপলি মেলিছে অসমৰ যুৱক। ৰাজ্যত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধিবৰ বাবে ৰাজ্য চৰকাৰৰ আপ্ৰাণ চেষ্টাৰ পাছতো আলফা স্বাধীনলৈ ঢাপলি মেলিছে অসমীয়া যুৱকে। 
 
কাকপথাৰত সোমবাৰে বিদ্যালয়লৈ যোৱাৰ পথৰ পৰা ৪ গৰাকী ছাত্ৰ সহ এগৰাকী যুৱক নিৰুদ্দেশ হয়। ইয়াৰে এগৰাকী ছাত্ৰৰ ফেচবুক প’ষ্টে ছাত্ৰকেইগৰাকী আলফা স্বাধীনলৈ যোৱা ইংগিত সূচাইছে। নিৰুদ্দিষ্ট ২০ বছৰীয়া যুৱকজনক খগেন মৰাণ বুলি চিনাক্ত কৰিছে। তেজীপথাৰৰ উচ্চ ইংৰাজী বিদ্যালয়ত অধ্যয়ণৰত আছিল ছাত্ৰকেইগাৰকী। 

ছাত্ৰকেইগৰাকী আৰু যুৱকগৰাকীৰ পৰিয়ালে নিৰুদ্দিষ্ট ৫ জনকে ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। 

ইয়াৰ পূৰ্বে পেঙেৰীৰ এজন যুৱকে ফেচবুক প’ষ্ট কৰি আলফা স্বাধীনত যোগদান কৰিছিল। এইবাৰৰ দৰে সমীৰণ সোণোৱাল নামৰ যুৱকজনো ঘৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল । যদিও তাৰ দুদিন মানৰ পাছতে নিজৰ ফেচবুক একাউণ্টত চৰকাৰৰ কৰ্মকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি আলফা স্বাধীনত যোগদান কৰাৰ কথা অৱগত কৰে।