ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰাজ্যৰ ৪৪ গৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া
দৈনিক বাতৰি

ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰাজ্যৰ ৪৪ গৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া

জিপ্লাছ নিউজ ডেস্ক | June 29, 2020 10:53 hrs

২৯ জুন, গুৱাহাটী: ৰাজ্যজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ’ণাই। ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰাজ্যৰ ৪৪ গৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া।  

সহকাৰী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দেওবাৰে এক পোষ্টযোগে এই কথা ঘোষণা কৰি কয় যে এই মহামাৰীৰ সময়ছোৱাত ৰাজ্যবাসীক অবিৰাম সেৱা আগবঢ়াই যোৱা ৪৪ গৰাকী প্ৰশাসনিক বিষয়াৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰে। ইয়াৰোপৰি সম্প্ৰতি ১১২৭ শীৰ্ষ আৰক্ষী বিষয়া কোৱাৰেণ্টিন হৈ আছে।   

ইয়াৰ পূৰ্বে সিঙে ৩০ গৰাকী প্ৰশাসনিক বিষয়া কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছিল।  সম্প্ৰতি আটাইকেইগৰাকী বিষয়াৰে স্বাস্থ্য সুস্থিৰ বুলি প্ৰকাশ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।