মহানগৰীস্থিত হোটেল নক্ষত্ৰত গ্ৰেপ্তাৰ ৫ চাইবাৰ অপৰাধী
দৈনিক বাতৰি

মহানগৰীস্থিত হোটেল নক্ষত্ৰত গ্ৰেপ্তাৰ ৫ চাইবাৰ অপৰাধী

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 16:09 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : বিগত কেবাদিনৰ পৰা মহানগৰীৰ বিভিন্ন এটিএম সমূহ হেক কৰি একাংশ চাইবাৰ অপৰাধীয়ে বহু পৰিমানৰ ধন লুটি লৈ যোৱাৰ ঘটনা সংঘটিত হৈছিল। আজি মহানগৰীস্থিত নক্ষত্ৰ হোটেলত ৫ জন চাইবাৰ অপৰাধী আৰক্ষীৰ জালত পৰে। 

ক্ৰাইম ব্ৰাঞ্চ আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত হোটেল নক্ষত্ৰৰ ৬০৭ নং কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অপৰাধীকেইটাক। লগতে ২০খন এটিএম কাৰ্ড আৰু বহুকেইখন  চেক বুক জব্দ কৰে। ধৃত অপৰাধীকেইটাৰ নাম আকাশ শৰ্মা, সমৰেন্দ্ৰ ব্ৰহ্ম, প্ৰফুল্ল লালজাণুৰ, সুনীল বাগলাৰী আৰু মেহৰাজ আহমেদ লস্কৰ। 
 
ধৃত অপৰাধীকেইটাই দীৰ্ঘদিন ধৰি ধন হৰলুকীৰ কাৰ্যত জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে অপৰাধীকেইটাক সোধ পোছ অব্যাহত ৰাখিছে। 

Banner