630 Cancellations on First Day of Domestic Flight Resumption | Assamese News
দৈনিক বাতৰি

ঘৰুৱা বিমান পৰিবহন পুনঃমুকলি কৰাৰ প্ৰথমটো দিনতে ৬৩০ খন বিমানৰ যাত্ৰা বাতিল

জিপ্লাছ | May 26, 2020 10:03 hrs

২৬ মে’, গুৱাহাটী - লকডাউনৰ বাবে বিগত সময়ছোৱাত বন্ধ ৰখা ঘৰুৱা বিমান পৰিবহন পুনৰ মুকলি কৰি দিয়াৰ প্ৰথমটো দিনতেই বাতিল কৰা হৈছে ৬৩০ খন বিমানৰ যাত্ৰা। উল্লেখ্য যে বিভিন্ন ৰাজ্যই বিমান যাত্ৰাত নিষেধাজ্ঞা অব্যাহত ৰখা আৰু বিভিন্ন বিমান পৰিবহনৰ পৰিচালনা সংক্ৰান্তীয় সমস্যাৰ বাবেই এই বিমানসমূহৰ যাত্ৰা নিষিদ্ধ ৰখা হৈছে।

ক’ভিড-১৯ ৰ বাবে জাৰি কৰা লকডাউনৰ বাবে প্ৰায় ২ টা মাহ এই বাণিজ্যিক বিমানযাত্ৰা বন্ধ থকাৰ পিছত মুকলি কৰি দিয়া এই বিমান সেৱাৰ প্ৰথমটো দিকনতেই দেশৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ মুম্বাই আৰু দিল্লীতেই ক্ৰমে ২০ খন আৰু ৮০ খন বিমানৰ যাত্ৰা বাতিল হৈছে।  

ইফালে পশ্চিমবঙ্গ আৰু অন্ধ্ৰপ্ৰদেশে বিমানসেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত সেউজ সংকেত দিয়া নাই এইপৰ্যন্ত। অৱশ্যে বিমান সেৱাৰ অপাৰেটৰসমূহো এই ক্ষেত্ৰত অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে। 

অৱশ্যে অন্ধ্ৰপ্ৰদেশে ২ টা বিমানবন্দৰেৰে আজিৰ পৰা বিমানসেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। আনফালে পশ্চিমবঙ্গই ২৮ মে’ৰ পৰা বিমানসেৱা আৰম্ভ কৰিব।