হোজাইত ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা | অসম নিউজ
দৈনিক বাতৰি

হোজাইত ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা

ইন্দ্ৰাক্ষী দত্ত | February 22, 2021 13:36 hrs

গুৱাহাটী : হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড । হোজাইৰ বৰহোলা গাঁৱত এগৰাকী ৭ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

হোজাইৰ বৰহোলা গাঁৱৰ এখন নিৰ্জন পথাৰত শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ।

জানিবলৈ পৰা মতে, শনিবাৰে নিশা মোমায়েকৰ বিবাহ অনুষ্ঠানলৈ গৈছিল শিশুটি ৷ বিবাহস্থলীৰ পৰাই কোনো লোকে শিশুটিক পথাৰলৈ নি ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ প্ৰত্যক্ষ কৰি হোজাই আৰক্ষীক অৱগত কৰে । হোজাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে প্ৰাথমিক তদন্তত শিশুটিক ধৰ্ষণ কৰি হত্যা কৰা বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে ।

আনহাতে জি প্লাছৰ সৈতে হোৱা বাৰ্তালাপত হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী গৌতম কুমাৰে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত জয় প্ৰকাশ কালাৰ ওৰফে মুন্না নামৰ এজনক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে ।

প্ৰতিনিধিত্বমূলক ছবি