ছিপাঝাৰত ৭ বছৰীয়া শিশু বলাৎকাৰ, ধৃত ১
৩ ডিচেম্বৰ, ছিপাঝাৰ - পৰিয়ালৰ লোকৰ অনুপস্থিতিত এগৰাকী ৭ বছৰীয়া শিশুক বলাৎকাৰৰ ঘটনা পোহৰলৈ আহিছে। ছিপাঝাৰত সংঘটিত হৈছে এই ঘটনা। স্থানীয় কৃষ্ণ নেৱাৰ নামৰ এটা পাষণ্ডই সংঘটিত কৰিছে এই কুকৰ্ম। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লোকজনে কুকৰ্ম সংঘটিত কৰাৰ লগতে এই ঘটনাৰ বিষয়ে কাকো অৱগত নকৰিবলৈও সকীয়াই দিয়ে শিশুটিক।
অৱশ্যে পিতৃ-মাতৃ ঘৰলৈ উভতি অহাৰ পিছতেই শিশুটিয়ে সমস্ত ঘটনা বিৱৰি কয়। ইয়াৰ পিছতেই উত্তেজিত ৰাইজে অভিযুক্ত কৃষ্ণ নেৱাৰক আটক কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। জানিব পৰামতে, কৃষ্ণ নেৱাৰ দুটি সন্তানৰ পিতৃ।