৮.৩ কোটি বিপিএল পৰিয়ালে লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছ

Wednesday, 01 April 2020

দৈনিক বাতৰি

৮.৩ কোটি বিপিএল পৰিয়ালে লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছ

জিপ্লাছ | March 26, 2020 14:24 hrs

২৬ মাৰ্চ, গুৱাহাটী - আজি নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে দেশৰ ৮.৩ কোটি ভাৰতীয়ই বিনামূলীয়াকৈ ৰন্ধন গেছ লাভ কৰিব। উজ্জ্বলা যোজনাৰ অধীনত এই গেছ লাভ কৰিব বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। 

মন্ত্ৰীগৰাকীয়ে কয়, "উজ্জ্বলা যোজনাৰ অধীনত মহিলাসকললৈ অহা তিনিমাহত এই ৰন্ধন গেছসমূহ আগবঢ়োৱা হ’ব। দেশৰ ৮.৩ কোটি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াললৈ অহা তিনিমাহত এই সুবিধা আগবঢ়োৱা হ’ব।”