প্ৰধানমন্ত্ৰী কিষান যোজনাৰ অধীনত দেশৰ ৮.৬৯ কোটি কৃষক উপকৃত হ'ব- নিৰ্মলা সীথাৰমন

Wednesday, 01 April 2020

দৈনিক বাতৰি

প্ৰধানমন্ত্ৰী কিষান যোজনাৰ অধীনত দেশৰ ৮.৬৯ কোটি কৃষক উপকৃত হ'ব- নিৰ্মলা সীথাৰমন

জিপ্লাছ নিউজ ডেস্ক | March 26, 2020 14:02 hrs

২৬ মাৰ্চ, গুৱাহাটীঃ “প্ৰধানমন্ত্ৰী কিষান যোজনাৰ পৰা দেশৰ ৮.৬৯ গৰাকী কৃষকে লাভবান হব। এই যোজনাৰ জৰিয়তে দেশৰ প্ৰত্যেকগৰাকী কৃষকে বছৰি ৬০০০ হাজাৰ টকাকৈ লাভ কৰিব।" আজি নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰে। 

লগতে মন্ত্ৰীগৰাকীয়ে কয়- “এই যোজনাৰ অধীনত প্ৰথম কিস্তিত প্ৰাৰম্ভিক পৰ্যায়ৰ ধন প্ৰদান কৰা হ’ব। আনহাতে MNREGA আচঁনিৰ অধীনত মজুৰি বৃদ্ধিৰ ফলত ৫ কোটি পৰিয়াল উপকৃত হব। মজুৰি বৃদ্ধিৰ ফলত প্ৰত্যেকজন শ্ৰমিকে অতিৰিক্ত ২০০০ টকাকৈ ৰাহি কৰিব পাৰিব।"