মহানগৰীৰ শাওকুছিৰ নিৰ্মান স্থানত লোৰ গেট পৰি কিশোৰৰ মৃত্যু   
দৈনিক বাতৰি

মহানগৰীৰ শাওকুছিৰ নিৰ্মান স্থানত লোৰ গেট পৰি কিশোৰৰ মৃত্যু   

জিপ্লাছ নিউজ ডেস্ক | November 08, 2019 11:14 hrs

৮ নৱেম্বৰ, গুৱাহাটী : মহানগৰীৰ শাওকুছিত অঘটন। শাওকুছিৰ এক নিৰ্মাণ স্থানত লোৰ গেট গাত  পৰি এজন ৮ বছৰীয়া কিশোৰৰ মৃত্যু হয়। মৃত যুৱকজন জাহেৰ আলী বুলি চিনাক্ত কৰা হৈছে। 

প্ৰাপ্ত খবৰ মতে জাহেৰৰ পৰিয়ালে নিৰ্মাণ স্থানত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। জাহেৰেও সেইদিনা পৰিলায়টোক সহায় কৰি দিয়াৰ উদ্দেশ্যে নিৰ্মাণ স্থানত কাম কৰি আছিল। কাম কৰি থকাৰ সময়তে নিৰ্মাণ স্থানৰ লোৰ গেট এখন কিশোৰৰজনৰ গাৰ ওপৰত পৰি যায়। 

ততাতৈয়াকৈ কিশোৰজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও কিশোৰজনক হাস্পতালতে মৃত বুলি ঘোষণা কৰে। জাহেৰৰ ঘৰ বৰপেটা জিলাত বুলি জানিব পৰা গৈছে।   
 

Banner

প্ৰতিনিধিত্বমূলক ছবি