গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে এ এছ বোপান্নাৰ শপতগ্ৰহণ
গুৱাহাটী - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি থকা এ এছ বোপান্নাই। ৰাজভৱনৰ দৰবাৰ হলত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পুৱা ৯.৩০ বজাত শপত গ্ৰহণ কৰিলে মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত শপত বাক্য পাঠ কৰায় ৰাজ্যপাল জগদীশ মুখীয়ে।
উল্লেখ্য যে ১৯৫৯ চনৰ ২০ মে’ত জন্মগ্ৰহণ কৰা ন্যায়াধীশ বোপান্নাই ১৯৮৪ চনৰ পৰা অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০০৫ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰিছিল ন্যায়াধীশ বোপান্নাই। ইফালে, ২০০৭ চনৰ পৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰা ন্যায়াধীশ বোপান্নাই কালি দায়িত্বভাৰ গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।