এটা ৰজাদিনীয়া সাধাৰণ পুখুৰীয়ে গৌৰৱ কঢ়িয়াই আনিছে চৰাইদেউ জিলালৈ
দৈনিক বাতৰি

এটা ৰজাদিনীয়া সাধাৰণ পুখুৰীয়ে গৌৰৱ কঢ়িয়াই আনিছে চৰাইদেউ জিলালৈ

জিপ্লাছ ব্যুৰ’ | July 20, 2019 14:04 hrs

আটাল পুখুৰী সংৰক্ষণ তথা আন্ত:গাঁথনি উন্নয়নৰ আহ্বান জনসাধাৰণৰ


চৰাইদেইৰ পৰা অভিজিৎ ভূঞা - 
চুইমিং পুল নহয়, চৰাইদেউ জিলাৰ এটা সাধাৰণ পুখুৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম গৌৰৱেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আটাল বৰবৰুৱাই খন্দোৱা এটা পুখুৰী যিটো পুখুৰী এতিয়া হাবি জংঘলেৰে পোত যোৱাৰ উপক্ৰম হোৱাৰ পাছতো ৰজাঘৰীয়াৰ সুদৃষ্টি পৰিবলৈ সক্ষম হোৱা নাই।

কিন্তু তাৰ মাজতো এই পুখুৰীয়েই চৰাইদেউ জিলালৈ আনিছে গৌৰৱৰ বতৰা। হয়, চৰাইদেউ জিলাৰ সাপেখাতিস্থ  আটালপুখুৰীৰ কথাকেই কোৱা  হৈছে। ৰজাঘৰীয়াৰ অৱহেলাৰ পাছতো আটাল পুখুৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰাই নহয় গৌৰৱৰ বতৰা আনিছে চৰাইদেউ জিলালৈ।  সাধাৰণ যেন লগা এই আটাল পুখুৰীতেই বাঁহৰ দলঙৰপৰা জঁপিয়াই সাঁতোৰ অনুশীলন কৰি এতিয়া বহুকেইগৰাকী প্ৰতিভাধৰ শিশু, কিশোৰ-কিশোৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ তথা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাই নহয় গৌৰৱ কঢ়িয়াই আনিছে জিলাখনলৈ।

২০০৯ চনতে গঠন হোৱা সাপেখাতিৰ  সূত্ৰধাৰ সাঁতোৰ সন্থাৰ তত্বাবধানত এই পুখুৰীতেই বিগত দহ বছৰে অব্যাহত আছে  অনুশীলন। নামমাত্ৰ মাচুলৰ বিনিময়ত বিগত দহ বছৰে অসংখ্য জনে সাঁতোৰ অনুশীলন কৰি ৰাষ্ট্ৰীয়, ৰাজ্যিক পৰ্যায়ত বহু পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু পৰিতাপৰ কথা এয়াই যে এই সাধাৰণ পুখুৰীত অণুশীলন কৰি ইমানবোৰ স্বৰ্ণ আৰু ৰূপৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাছতো আজিলৈকে আন্তঃ গাঁথনিৰ উন্নয়নৰ বাবে দায়িত্ব লোৱা নাই চৰকাৰ তথা চৰাইদেউ জিলা প্ৰশাসনে। বছৰি পুখুৰীৰ ওপৰত বাঁহৰ দলঙ নিৰ্মাণ কৰি বিপদসংকুল ভাৱে অণুশীলন অব্যাহত ৰখা হৈছে যদিও আজিলৈকে ৰজাঘৰৰ সুদৃষ্টি পৰা নাই পুখুৰীটোৰ ওপৰত। যাৰ বাবে বহু প্ৰতিভাধৰ শিশু,কিশোৰ -কিশোৰী আজিৰ তাৰিখত নিজৰ প্ৰতিভা বিকাশৰ বাবে সুবিধা লাভ কৰা নাই।

মন কৰিবলগীয়া যে পৰিত্যক্ত অবস্থাত থকা আটাল পুখুৰীটো কেইজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত সংৰক্ষণ আৰু দীৰ্ঘম্যাদী ছোবাচিতাৰ বাবে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা ২০০৯ চনত আৰম্ভ কৰিছিল । এই পুখুৰীত সাঁতোৰ প্ৰশিক্ষণ লৈয়েই ইতিমধ্যে ৰাজশ্ৰী বৰগোহাঁইয়ে স্বৰ্ণ পদক , প্ৰীতিৰেখা ফুকনে ব্ৰঞ্জৰ পদক,  মৌচম গগৈয়ে ৰূপৰ পদক ৰাষ্টীয় পৰ্যায়ত পাবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যিক পৰ্যায়ত বহুকেইজন প্ৰশিক্ষাৰ্থীয়ে বহুকেইটা পদক পাবলৈ সক্ষম হৈছে।

ইফালে শেহতীয়াকৈ  গুৱাহাটীৰ সৰুসজাইত  অনুষ্ঠিত  হোৱা ২৮ তম আন্ত:জিলা সাঁতোৰ প্ৰতিযোগিতাত চৰাইদেউ জিলাৰ পৰা অংশ গ্ৰহণ কৰি  প্ৰথম বাৰৰ বাবে ছটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে এই সাধাৰণ পুখুৰীত অণুশীলন কৰা প্ৰশিক্ষাৰ্থী সকল। ছয়টা সোণ, দুটা ৰূপ , চাৰিটা ব্ৰঞ্জৰ পদক সহ মুঠ বাৰটা পদক পাবলৈ সক্ষম হৈছে এই প্ৰতিযোগিতাত ।  চৰাইদেউ জিলা সাঁতোৰ দলটোৰ ৰাজশ্ৰী বৰগোহাঁই গ্ৰুপ  ১ ত তিনিটা সোণৰ,  গ্ৰুপ ২ ত দিশা গগৈয়ে এটা সোণৰ, দুটা ৰূপৰ , দুটা ব্ৰঞ্জৰ , হৰ্ষিতা প্ৰাপ্তি গগৈয়ে এটা ব্ৰঞ্জৰ, গ্ৰুগ্ ৩ ত মৌচম গগৈয়ে  দুটা সোণৰ আৰু গ্ৰুপ  ৪ ত অঞ্চুৰীমা গগৈয়ে এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ সাঁতোৰ দলটোত মুঠ দহজন খেলুৱৈয়ে অংশগ্ৰহন কৰাৰ লগতে দলটোৰ প্ৰশিক্ষক কৃষ্ণ বৰা আৰু টিম মেনেজাৰ ধৰ্ম বৰগোহাঁই, উত্তম গগৈয়ে অংশগ্ৰহণ কৰিছিল । ইফালে শেহতীয়াকৈ  ৰাজশ্ৰী বৰগোহাঁই আৰু মৌচম গগৈয়ে Swimming federation of India চমুকৈ SFI গুজৰাটৰ ৰাজকূটত আয়োজন কৰা ৩৬ সংখ্যক সাঁতোৰ প্ৰতিযোগিতাত অসম দলৰ হৈ চৰাইদেউ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি ক্ৰমে ব্ৰঞ্জ আৰু স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

কিন্তু পৰিতাপৰ কথা এয়াই যে ইমানবোৰ সফলতা অৰ্জন কৰাৰ পাছতো চৰাইদেউ জিলাত নাই এটা উন্নত মানৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ। যাৰ বাবে  ৰজাদিনীয়া এটা পুখুৰীতেই বাঁহৰ দলঙ নিৰ্মাণ কৰি বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে  অণুশীলন কৰিব লগীয়া হৈছে সাঁতোৰবিদসকলে। চৰকাৰখনে ক্ৰীড়াবিদ সকলক সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ কথা সভাই-সমিতিয়ে ঘোষণা কৰি আহিছে যদিও চৰাইদেউ জিলাৰ সাঁতোৰ দলটোৰ বিকাশৰ স্বাৰ্থত আটাল পুখুৰীৰ এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ আন্ত:গাঁথনি উন্নয়ন নকৰা কাৰ্যই প্ৰকৃততে চৰকাৰৰ ঘোষণাবোৰ অলীক কল্পনাৰ বাদে আন একো নহয় বুলি ভাবিবলৈ বাধ্য কৰিছে জনসাধাৰণক। যাৰ ফলত অতি শীঘ্ৰেই আটাল পুখুৰীৰ এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ আন্ত:গাঁথনি উন্নয়ন কৰি নতুন প্ৰতিভাধৰ সকলৰ প্ৰতিভা বিকাশত সহযোগ কৰিবলৈ আহ্বান জনাইছে চৰাইদেউ জিলাবাসীয়ে।

Banner