ৰে’লত মহিলাৰ বেগ চুৰ কৰি হাতে-লোটে ধৰা পৰিল চোৰ 

Thursday, 19 September 2019

দৈনিক বাতৰি

ৰে’লত মহিলাৰ বেগ চুৰ কৰি হাতে-লোটে ধৰা পৰিল চোৰ 

জিপ্লাছ নিউজ ডেস্ক | September 11, 2019 18:08 hrs

 ১১ ছেপ্তেম্বৰ, গুৱাহাটীঃ ৰে’লত যাত্ৰা কৰোঁতে সাৱধান।  বুধবাৰে মহানগৰীৰ গান্ধীবস্তিত ৰে’লপথত কিছুসময়ৰ বাবে ৰোৱা ৰে’লৰ পৰা এটা মহিলাৰ বেগ লৈ পলাব খোজোতেই ৰাইজে কৰায়ত্ত কৰে এজন যুৱকক। 

ডিমাপুৰৰ পৰা আহি থকা যুৱকজনে নিজকে লালমাটিৰ আজিউৰ ৰহমান নামেৰে চিনাকি দিয়ে। কিন্তু স্থানীয় ৰাইজে যুৱকজন গান্ধিবস্তিৰে বুলি দাবী কৰিছে। লগতে স্থানীয় ৰাইজে আজিউৰ বহুদিনৰে পৰা চুৰিকাৰ্যৰ সৈতে জড়িত বুলি  অভিযোগ উত্থাপন কৰে।


লগে লগে ৰাইজে আজিউৰ নামৰ যুৱকজনক ৰে’ল আৰক্ষীক গতাই দিয়ে।আনহাতে যুৱকজনে আৰক্ষীক জনোৱামতে যুৱকজনে চোৰ কৰা নাই , সেইটো মাতৃৰ বেগহে বুলি দাবী কৰে। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Banner