New Political Party 'AJP' Launch By AASU and AJYCP | Assamese News
দৈনিক বাতৰি

আছু আৰু অ.জা.য়ু.ছা.প.ৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা ‘অ.জা.প.’

জি প্লাছ নিউজডেস্ক | September 14, 2020 15:07 hrs

সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম জাতীয়্তাবাদী যুৱ ছাত্ৰ পৰিষদ (অ.জা.য়ু.ছা.প.) য়ে সোমবাৰে তেওঁলোকৰ নতুন ৰাজনৈতিক দলক  ‘অসম জাতীয় পৰিষদ’ (অ.জা.প.)  নামেৰে নামাকৰণ কৰে।


‘কা’ আন্দোলনৰ মূখ্য নেতৃবৃন্দ আছু আৰু অ.জা.য়ু.ছা.প.য়ে তেওঁলোকৰ আন্দোলন আৰু এখোপ আগুৱাই নিয়ে আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনীৰ আগে আগে এক নতুন ৰাজনৈতিক দলৰ গঠনেৰে। দলটিৰ আহ্বায়্ক বসন্ত ডেকাই এই কথা সদৰি কৰে গুৱাহাটীৰ এখন সংবাদ মেলত। প্ৰাক্তন অসম মন্ত্ৰী জগদীশ ভূঁঞাক দলৰ সমন্বয়ক হিচাপে ঘোষণা কৰে। বিভিন্ন জিলা-স্তৰৰ দলৰ নেতাৰ নামো  সংবাদ মেলত ঘোষণা কৰা হয়।


পূৰ্বতে, আছু আৰু অ.জা.য়ু.ছা.প.ৰ দ্বাৰা গঠিত অসম পৰামৰ্শদাতা কমিটিয়ে দলটিৰ ৰাজনৈতিক যাত্ৰাৰ পথ নিৰ্ণয় কৰে, যদিও দলটিৰ সঠিক প্ৰকৃতি আৰু লক্ষ্য এতিয়াও আলোচ্যৰ বিষয়।


আছুয়ে জানিব দিয়ে যে তেওঁলোকৰ ‘অৰাজনৈতিক মতাদৰ্শ’ দল গঠনৰ পিছতো অক্ষুণ্ণ থাকিব।