অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক জ্যোতি গগৈক নিলম্বন 

Saturday, 29 February 2020

দৈনিক বাতৰি

 অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক জ্যোতি গগৈক নিলম্বন 

জিপ্লাছ নিউজ ডেস্ক | September 10, 2019 14:17 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : কৃষি অৰ্থনীতি আৰু পাম ব্যৱস্থাপনা বিভাগৰ জ্যেষ্ঠ অধ্যাপক জ্যোতি গগৈক বিশ্ববিদ্যালয় কৰ্তূপক্ষই নিলম্বন কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক জ্যোতি গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল। যোৱা ৬ ছেপ্টেম্বৰত এগৰাকী ছাত্ৰীয়ে  থাৰ্ড কাউন্সেলিঙৰ বাবে আসনৰ উপলব্ধতা সম্পৰ্কে জানিবলৈ অধ্যাপকজনৰ কক্ষলৈ যাওঁতেই অধ্যাপকজনৰ পৰা যৌন নিৰ্যাতনৰ বলি হয়।

 বিশ্ববিদ্যালয়খনৰ অধীনৰ নাৰী নিৰ্যাতন কোষৰ প্ৰতিবেদনৰ ভিত্তিত আৰু অনুসন্ধান সম্পূৰ্ণ নোহোৱা কথাটো বিবেচনা কৰি উক্ত অভিযোগত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যই তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ গগৈক নিলম্বন কৰে। নিলম্বনৰ সময়ছোৱাত তেওঁক বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ বিশ্ববিদ্যালয়ৰ প্ৰধান কাৰ্য্যালয় এৰি নাযাবলৈ কোৱা হৈছে।


ভুক্তভোগী ছাত্ৰীগৰাকীয়ে অধ্যাপকজনে নিজৰ দাঁতিৰফালে মাতি আৰু আসনৰ তালিকা দেখুওৱাৰ চলেৰে ছাত্ৰীগৰাকীক পিছফালৰ পৰা টানি গালত স্পৰ্শ কৰে আৰু চুমা খোৱা বুলিও অভিযোগ উত্থাপন কৰে।