বশিষ্ঠ-বেলতলা পথত শিহৰণকাৰী ঘটনা,পথচাৰীৰ ওপৰেৰে পাৰ হ’ল ডাম্পাৰ
দৈনিক বাতৰি

বশিষ্ঠ-বেলতলা পথত শিহৰণকাৰী ঘটনা,পথচাৰীৰ ওপৰেৰে পাৰ হ’ল ডাম্পাৰ

জিপ্লাছ নিউজ ডেস্ক | December 05, 2019 15:32 hrs

৫ ডিচেম্বৰ, গুৱাহাটী : মহানগৰীৰ মাজ মজিয়াত শিহৰণকাৰী ঘটনা। ৰাজপথত পথচাৰীৰ  গাৰ ওপৰেৰে পাৰ হ’ল ডাম্পাৰ। 

আজি গুৱাহাটীস্থিত বশিষ্ঠ-বেলতলা পথৰ নতুনবজাৰত ৰাজপথেদি এজন পথচাৰী পাৰ হ’বলৈ লোৱাৰ সময়তে লোকজনৰ ওপৰেদি ডাম্পাৰখন উঠি যায়। লোকজনৰ নাম বিকী বাছফ’ৰ বুলি জানিব পৰা গৈছে। 

পথচাৰীজনে ডাম্পাৰ চালকজনক ডাম্পাৰখন ৰখাবলৈ অনুৰোধ কৰিছিল যদিও ডাম্পাৰচালকজনে একো ভ্ৰূক্ষেপ নকৰি লোকজনৰ ওপৰেৰে ডাম্পাৰখন চলাই লৈ যায়। কথমপি প্ৰাণ ৰক্ষা পৰে পথচাৰীজনৰ। 

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় লোকজন। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰ চালকজন।